আৰম্ভকৰ্তা
ডাঙৰ কৰি চাওক, সৰু কৰি চাওক
সৰু লিপিৰ পৰা সমস্যা হৈছে ? এটা প্ৰতিমূৰ্ত্তি ওচৰৰ পৰা আৰু ব্যক্তিগত হিচাপে চাব বিচাৰে নেকি ? এতিয়া আপুনি সহজে ৱেব পৃষ্ঠাক সৰু আৰু ডাঙৰ কৰি চাব পাৰিব ।
এই টেব কায়দা চেষ্টা কৰি চাওক
যদি আপুনি এনে ধৰণৰ ব্যক্তি যি একে সময়তে বহুত ৱেব পৃষ্ঠা খোলিবলৈ ভাল পায়, আপুনি নিশ্চয় টেব ব্যৱহাৰ কৰি চৰণ কৰিব ভাল পাব । টেবত দক্ষতা পাবলৈ ইয়াত কিছুমান চাবি ফলকৰ ছ'ৰ্টকাট আছে:
বুটাম এবাৰ টিপিয়ে পত্ৰচিহ্ন যোগ কৰক
এবাৰ-টিপি পত্ৰচিহ্ন দিয়াৰ সুবিধাৰে নিজৰ পছন্দৰ ছাইটসমূহক পৰিচালনা কৰক (আৰু সময় ৰক্ষা কৰক) । আপুনি মনত ৰাখিব খোজা পৃষ্ঠা দৰ্শন কৰিলে, স্থান বাৰত থকা স্তাৰ আইকণত অকল টিপি দিলেই হ'ব । Firefox এ তাক পত্ৰচিহ্নৰ তালিকালৈ যোগ কৰিব যাতে আপুনি পিছত সহজে বিচাৰিব পাৰিব ।
- =buildPlatformImage('/img/tignish/tips/security-icon-01.png', 'Security Icon', '60', '53', null, array('mac', 'linux', 'xp'))?> এই ছাইটে পৰীক্ষা কৰা চিনাকিৰ তথ্য দিয়ে আৰু অন-লাইন থাকি আনৰ কথা শুনা লোকৰ পৰা আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষা কৰে ।
- =buildPlatformImage('/img/tignish/tips/security-icon-02.png', 'Security Icon', '60', '53', null, array('mac', 'linux', 'xp'))?> এই ছাইটে মৌলিক চিনাকিৰ তথ্য দিয়ে আৰু অন-লাইন থাকি আনৰ কথা শুনা লোকৰ পৰা আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষা কৰে ।
- =buildPlatformImage('/img/tignish/tips/security-icon-03.png', 'Security Icon', '60', '53', null, array('mac', 'linux', 'xp'))?> এই ছাইটে চিনাকিৰ কোনো তথ্য নিদিয়ে ।
আপুনি লেন-দেন কৰা মানুহক জানক
ৱেব স্কেমাৰৰ এটা সাধাৰণ কায়দা হ'ল জালী ছাইট প্ৰতিষ্ঠা কৰা, যাক ফিশ্বিং ছাইট বুলি কোৱা হয়, যি আপোনাৰ বেঙ্ক, আপোনাৰ পছন্দৰ ঈ-কমাৰ্চ ছাইট, ইত্যাদিৰ ভেশ ধৰে । সৌভাগ্যক্ৰমে, Firefox এ ছাইটৰ বাস্তৱিকতা প্ৰতিষ্ঠা কৰাত সহায় কৰে – তৎক্ষণাত পোৱা চিনাকিৰ প্ৰদৰ্শনৰ বাবে ছাইটৰ আইকণত টিপক ।
এটা আক্ৰমণৰ ছাইট বা জালিয়াতি; এই ছাইটক আপোনাৰ ব্যক্তিগত তথ্য দিয়া, বা তাক দৰ্শন কৰাও, অপকাৰী হ'ব পাৰে ।
আপোনাৰ সফলতাৰ বাবে চমু পথ
Firefox ত বহুত চাবি ফলকৰ চমু পথ আছে যাতে আপোনাৰ জীৱন সহজ হয় । ইয়াত আমাৰ পছন্দৰ কিছুমান:
মাজৰ
প্লে টেগ
এবাৰ পত্ৰচিহ্নৰ ডাঙৰ তালিকা সৃষ্টি কৰা হ'লে, সেইবোৰৰ পৰিচালনা কৰা কষ্টকৰ হ'ব পাৰে । সংগঠিত হৈ থাকিবলৈ, আপুনি পত্ৰচিহ্ন দিয়া ছাইটত টেগ বিতৰণ কৰিব পাৰে: স্টাৰ আইকণত ডাবুল-ক্লিক কৰক আৰু টেগ দিবলৈ আপোনাক কোৱা হ'ব ।
আপুনি এটা ছাইটক বহুতো শব্দেৰে টেগ কৰিব পাৰে (দুটা টেগৰ মাজত ক'মা দিব নাপাহৰিব), আৰু পিছত স্থান বাৰত টেগ লিখি ছাইটসমূহ সহজে বিচাৰি পাব পাৰে । যেনে, স্থান বাৰত "travel" লিখিলে আপুনি নিজৰ অৱকাশৰ দিনৰ বাবে কৰা অনুসন্ধানত পোৱা সকলো ছাইট প্ৰকাশ কৰা হ'ব ।
এড-অ'নৰ বিষয়ে সকলো জানক
Firefox ৰ মানপ্ৰাপ্ত সংস্কৰণত বহু গুণ আছে, নিশ্চয়, কিন্তু ইয়াতে কিয় বন্ধ কৰিব লাগে? ৫,০০০ তকৈ অধিক এড-অ'ন আছে — কিছুমান অতিৰিক্ত কাৰ্য্যক্ৰম যি Firefox ক সজায় — যাক আপুনি ভবা যি কোনো কাৰ্য্যক উন্নত কৰিবলৈ ডাউন্লোড কৰিব পাৰে । Tools → Add-ons লৈ যাওক এড-অ'ন পৰিচালক খুলিবলৈ আৰু Firefox ক নিজৰ কৰিবলৈ বহু উপায় বিচাৰি পাওক ।
বুদ্ধিমান ভাবে বিচাৰক
Firefox ৰ বিচৰাৰ বাৰৰ সৈতে আপুনি ইতিমধ্যে পৰিচিত । কিন্তু আপুনি জানেনে আপুনি তাক যি কোনো তথ্য বিচৰা কলঘৰৰ সৈতে প্ৰতিষ্ঠা কৰিব পাৰে ? আপোনাৰ বিচৰাৰ বাৰৰ বাওঁফালৰ আইকণ টিপি অবিকল্পিত বিকল্পসমূহৰ তালিকা চাওক ।
ইয়াতকৈ ভাল, তথ্য বিচৰা কলঘৰ পৰিচালনা কৰক টিপক… তালিকা পুনঃ সংগঠিত কৰিবলৈ, অতিৰিক্ত পছন্দ যোগ কৰিবলৈ আৰু আপোনাৰ পছন্দৰ তথ্য বিচৰা কলঘৰক চাবি ফলকৰ ছ'ৰ্টকাট বিতৰণ কৰিবলৈ । যেনে, আপুনি Google ক "G" ছ'ৰ্টকাট দিব পাৰে - তাৰ পিছত কুকি ৰেচিপি বিচাৰিবলৈ, স্থান বাৰত অকল "G cookie recipes" লিখিলেই হ'ব ।
তৎক্ষণাত বিচাৰি পাওক
লিখাৰ সময়ত বিচাৰক অন্য এটা সময় ৰক্ষা কৰা গুণ । এখন পৃষ্ঠাত এটা শব্দ বিচাৰিবলৈ "find" বাৰ ব্যৱহাৰ কৰাতকে, পৃষ্ঠাৰ যি কোনো স্থানত টিপক আৰু আপুনি বিচৰা শব্দ লিখিব আৰম্ভ কৰক । শব্দ য'ত প্ৰথমে আৰম্ভ হয় তালৈ কাৰ্ছ'ৰ তৎক্ষণাত যাব ।
আপুনি সেইটোক সংযোগৰ বাবেও ব্যৱহাৰ কৰিব পাৰে । যেনে, পৃষ্ঠাৰ "learn more" সংযোগলৈ মাউছ লৈ যোৱাতকে, অকল সেই শব্দ লিখিবলৈ আৰম্ভ কৰক আৰু কাৰ্ছ'ৰে যেতিয়া পাই, enter টিপি দিব ।
সকলো পদক্ষেপ আঁতৰাওক
সুৰক্ষা আৰু গোপনীয়তাৰ বাবে, আপুনি চৰণ কৰোঁতে পদচিহ্ন এৰি যোৱা ভাল নহয় (বিশেষকৈ যতিয়া আপুনি এটা কম্পিউটাৰত আনৰ লগত অংশ গ্ৰহণ কৰে) । আপোনাৰ চৰণ কৰা আৰু ডাউন্লোডৰ ইতিহাস আঁতৰাবলৈ Firefox এ সহায় কৰে, আপোনাৰ কেছে পৰিষ্কাৰ কৰিবলৈ আৰু এবাৰতে কুকি আঁতৰাবলৈ । তাকে কৰিবলৈ Tools → Clear Private Data… লৈ গ'লে হ'ব । বা, আৰু অধিক সতৰ্ক হ'বলে, Tools → Options → Privacy লৈ যাওক আৰু "Firefox বন্ধ কৰোঁতে মোৰ ব্যক্তিগত তথ্য সদায়ে পৰিষ্কাৰ কৰিব " বিকল্প নিৰ্ব্বাচন কৰক ।
উন্নত
নিজৰ পছন্দৰ ছাইটলৈ পোনেপোনে যাওক
সহজ আৰু দ্ৰুতভাবে অভিগম কৰিবলৈ আপুনি কিছু মূল শব্দ পত্ৰচিহ্নলৈ যোগ দিব পাৰে । Library ৰ পৰা, মূলশব্দ ক্ষেত্ৰত এটা সৰু মূলশব্দ যোগ কৰক, আৰু পত্ৰচিহ্ন অভিগম কৰিবলৈ ঠিকনা বাৰত সেই মূলশব্দ লিখিলেই হ'ব । যেনে, আপুনি নিজৰ del.icio.us হিচাপক “links” মূলশব্দ দিব পাৰে, আৰু তাৰ পিছত ঠিকনা বাৰত অকল “links” লিখিলেই সেই স্থানলৈ লৈ যোৱা হ'ব ।
স্মাৰ্ট ফোল্ডাৰ সৃষ্টি কৰক
যদি আপুনি উন্নত ৱেব সেৱক যি সঘণে বহুতো নিৰ্দ্দিষ্ট ছাইট ৰক্ষা আৰু পৰিচালনা কৰিব লাগে, আগবঢ়াইছো এটা সুবিধাজনক সময় সংৰক্ষক: Firefox 3 ৰ লাইব্ৰেৰী ব্যৱহাৰ কৰি, আপুনি আপোনাৰ পত্ৰচিহ্ন আৰু ইতিহাসত যোগ কৰা ছাইটৰ সৈতে স্বয়ং উন্নয়ন কৰা ফোল্ডাৰত বিচৰা তথ্য সৃষ্টি আৰু ৰক্ষা কৰিব পাৰে ।
প্ৰথমে, লাইব্ৰেৰীক পত্ৰচিহ্ন তালিকাৰ পৰা "পত্ৰচিহ্ন সংগঠিত কৰক" বিকল্প নিৰ্ব্বাচন কৰি খোলক । তাৰ পিছত, তথ্য বিচৰা বাকসত আপুনি বিচাৰিব খোজা শব্দ লিখক । তাৰ পিছত ৰক্ষা কৰক বুটাম টিপক এটা স্মাৰ্ট ফোল্ডাৰ সৃষ্টি কৰিবলৈ ।
ডাউন্লোডৰ পৰিচালনা কৰক
যদি আপুনি সঘণে ডাউন্লোড কৰে, সেই ডাউন্লোড সমূহক আপুনি ডাউন্লোড পৰিচালক সংযোগক্ষেত্ৰ ব্যৱহাৰ কৰি পৰিচালনা কৰিব পাৰে । আপুনি ডাউন্লোড সমূহক স্থগিত কৰি পুনঃ আৰম্ভ কৰিব পাৰে, আৰু পৰিচালকৰ পৰাই নথিপত্ৰ খুলি সময় ৰক্ষা কৰিব পাৰে ।
পূৰণি ডাউন্লোডৰ বিষয়ে জানিবলৈ, Tools → Downloads লৈ যাওক আৰু আপোনাৰ নথিপত্ৰ বিচাৰিবলৈ বিচৰাৰ বাকস ব্যৱহাৰ কৰক । বিচাৰি পালে, খুলিবলৈ নথিপত্ৰত ডাবুল-ক্লিক কৰক, বা right-click কৰক আৰু "ডাউন্লোড সংযোগ নকল কৰক" নিৰ্ব্বাচন কৰক ।
বিকাশকৰ সৰঞ্জাম আৱিষ্কাৰ কৰক
আপুনি ৱেব বিকাশক হ'লে, Firefox ৰ বিকাশকৰ সৰঞ্জামে আপোনাৰ কাম সহজ কৰিব । Mozilla Add-ons site এ বিকাশৰ প্ৰক্ৰিয়া সংগঠিত কৰিবলৈ Firebug ৰ সৈতে বহুতো সৰঞ্জাম দিয়ে, এটা সহজ ৰাইট-ক্লিকেৰে যি কোনো ৱেব পৃষ্ঠাত জীৱন্তভাবে CSS, HTML, আৰু JavaScript ক সম্পাদন, ডিবাগ, আৰু পৰিচালনা কৰিবলৈ, HTTP/HTTPS হেডাৰসমূহ আৰু POST স্থিতিমাপ সমূহ দৰ্শন কৰি সাল সলনি কৰি তথ্য সলনি কৰিবলৈ, আৰু যি কোনো HTML বা CSS পদাৰ্থ পৰীক্ষা কৰিবলৈ DOM Inspector ।
আপুনি বিচৰা মতে ৱেব প্ৰতিষ্ঠা কৰক
আপুনি এতিয়া নিজৰ পছন্দৰ ৱেব অনুপ্ৰয়োগসমূহ দ্ৰুত ভাবে অভিগম কৰিবলৈ ৱেব-ভিত্তিক নিয়ম পৰিচালক ব্যৱহাৰ কৰিব পাৰে । যেনে, যি কোনো ৱেব ছাইটৰ এটা mailto: সংযোগত টিপিলে আপুনি Firefox ক প্ৰতিষ্ঠা কৰিব পাৰে আপোনাৰ কম্পিউটাৰৰ অবিকল্পিত ডাক কাৰ্য্যক্ৰমৰ পৰিবৰ্ত্তে আপোনাৰ পছন্দৰ ৱেবমেইল সেৱা আগবঢ়োৱা সেৱক আৰম্ভ কৰিবলৈ (মন কৰিব: এই বৈশিষ্ট্য অকল Firefox 3 ৰ লগত পঞ্জিকৰণ কৰা ৱেবমেইল সেৱাৰ বাবেহে উপলব্ধ ।) ।
প্ৰত্যেক আচাৰা-বিধিৰ বাবে অবিকল্পিত অনুপ্ৰয়োগ নিৰ্ব্বাচন কৰিবলৈTools → Options → Applications লৈ যাওক বা “সদায় প্ৰশ্ন কৰিব” নিৰ্ব্বাচন কৰক যদি আপুনি বিচাৰে যে প্ৰত্যেক বাৰ আপুনিয়ে অনুপ্ৰয়োগ নিৰ্ব্বাচন কৰিব ।
যদি আপুনি ৱেব অনুপ্ৰয়োগৰ বিকাশক হয়, ৱেব-ভিত্তিক আচাৰ-বিধিৰ পৰিচালকৰ বাবে সমৰ্থন যোগ কৰিবলৈ অধিক তথ্য জানিবৰ বাবে Mozilla উন্নয়ন কেন্দ্ৰ চাওক ।