স্থান-অৱগত চৰণ কাৰ্য্য

Firefox 3.5 এ ৱেবছাইটক আপুনি ক'ত অৱস্থিত সেইটো ক'ব পাৰে যাতে আপুনি প্ৰাসংগিক আৰু অধিক সুবিধাজনক তথ্য পাব পাৰে । ইয়াৰ উদ্দেশ্য ৱেবক চোকা কৰিবলৈ – আৰু আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰিহে কৰা হয় ।

সঘনে কৰা প্ৰশ্ন

স্থান-অৱগত চৰণ কাৰ্য্য কি ?

স্থান-অৱগত চৰণ কাৰ্য্য ব্যৱহাৰ কৰা ৱেবছাইটে আপোনাৰ আপোনাৰ স্থান বিচাৰিব যাতে আপোনালৈ প্ৰাসংগিক তথ্যৰ যোগান ধৰিব পাৰিব, বা বিচৰাৰ সময়ত আপোনাৰ সময় ৰক্ষা কৰিব । যেনে আপুনি নিজৰ অৱস্থানৰ ওচৰত পিজ্জা ৰেস্তোৰাঁ বিচাৰিছে । এটা ৱেবছাইটে আপোনাক নিজৰ অৱস্থান অংশীদাৰ কৰিবলৈ ক'ব যাতে অকল “pizza” বিচাৰিলে আপুনি বিচৰা উত্তৰ আপোনাক দিব... কোনো অতিৰিক্ত তথ্য বা অতিৰিক্ত লিখাৰ প্ৰয়োজন ।

বা, যদি আপুনি কোনো স্থানৰ দিশ বিচাৰে, আপোনাৰ আৰম্ভণিৰ স্থান ৱেবছাইটে জানিব আৰু আপুনি অকল ক'ত যাব বিচাৰে সেইটো ক'লেই হ'ব ।

এই সেৱা সম্পূৰ্ণৰূপে বৈকল্পিক – আপোনাৰ অনুমতি নোহোৱাকে Firefox আপোনাৰ অৱস্থান অন্যক নিদিয়ে – আৰু আপোনাৰ গোপনীয়তাক সৰ্বাধিক গুৰুত্ব দিহে এই কাৰ্য্য কৰা হয় । আৰু, Firefox ৰ অন্য পদাৰ্থৰ দৰে, ৱেব বিকাশকৰ দ্বাৰা সহজে গ্ৰহণ কৰিব পৰাৰ কাৰণে ইয়াক মুক্ত মানৰ সৈতে সৃষ্টি কৰা ।

এইটোৱে কেনেদৰে কাম কৰে ?

আপুনি এটা স্থান-অৱগত ৱেবছাইট দৰ্শন কৰিলে, আপুনি নিজৰ স্থান অংশীদাৰ কৰিব বিচাৰে নে নাই সেইটো Firefox এ শুধিব ।

আপুনি মান্তি হ'লে, Firefox এ ওচৰৰ বোতাঁৰ অভিগমৰ স্থানৰ আৰু আপোনাৰ কম্পিউটাৰৰ IP ঠিকনাৰ তথ্য সংগ্ৰহ কৰে । তাৰ পিছত Firefox এ এই তথ্য অবিকল্পিত geolocation সেৱা প্ৰদান কৰোঁতা, Google Location Services, লৈ পঠিয়াই আপোনাৰ অৱস্থানৰ প্ৰাক্‌কলন পাবলৈ । সেই প্ৰাক্‌কলন তথ্য অনুৰোধ কৰা ৱেবছাইটৰ সৈতে অংশীদাৰ কৰা হয় ।

আপুনি মান্তি ন'হ'লে, Firefox এ একো নকৰে ।

অৱস্থানসমূহ কিমান শুদ্ধ ?

শুদ্ধ তথ্য স্থানৰ ওপৰত নিৰ্ভৰ কৰে । কিছুমান স্থানত, আমাৰ সেৱা প্ৰদান কৰোঁতাই কিছু মিটাৰৰ দৈৰ্ঘ্যলৈহে তথ্য দিব পাৰিব । কিন্তু, অন্য স্থানত ইয়াতকৈ অধিক হ'ব পাৰে । আমাৰ সেৱা প্ৰদান কৰোঁতাই দিয়া তথ্যসমূহ অকল অভিমতহে আৰু আমি সেই স্থানৰ শুদ্ধতাৰ কোনো গেৰান্টী নিদিওঁ । অনুগ্ৰহ কৰি এই তথ্য কোনো জৰুৰি কামৰ বাবে প্ৰয়োগ নকৰিব । সদায়ে সাধাৰণ কাণ্ডজ্ঞান ব্যৱহাৰ কৰিব ।

কি তথ্য পঠিওৱা হৈছে, আৰু কোন মানুহলৈ? মোৰ গোপনীয়তা কেনেদৰে ৰক্ষা কৰা হৈছে ?

আপোনাৰ গোপনীয়তা আমাৰ বাবে অতি গুৰুতৰ, আৰু আপোনাৰ অণুমতি নোহোৱাকে আপোনাৰ অৱস্থান Firefox এ কেতিয়াও অংশীদাৰ নকৰে । আপোনাৰ পৰা তথ্য বিচৰা এটা ৱেব ছাইট দৰ্শন কৰিলে, কোনো অনুৰোধ কৰা ৱেবছাইট আৰু আমাৰ তৃতীয়-পক্ষীয় সেৱা প্ৰদান কৰোঁতাৰ সৈতে তথ্য অংশীদাৰ কৰাৰ আগতে আপোনাৰ অনুমতি লোৱা হ'ব ।

অবিকল্পিতৰূপে, Firefox এ এই তথ্য পঠিয়াই Google Location Services প্ৰয়োগ কৰি আপোনাৰ অৱস্থান জানিবলৈ:

  • আপোনাৰ কম্পিউটাৰৰ IP ঠিকনা,
  • ওচৰৰ বেতাঁৰ অভিগমৰ স্থানৰ তথ্য, আৰু
  • এটা ওলট-পালটকৈ নিৰ্ধাৰণ কৰা গ্ৰাহক পৰিচয়ক, যাক Google এ চিনাকি কৰে, যি প্ৰত্যেক ২ সপ্তাহত শেষ হয় ।

Firefox এ গোটোৱা আৰু ব্যৱহাৰ কৰা তথ্যৰ এটা সম্পূৰ্ণ বিৱৰণৰ কাৰণে, অনুগ্ৰহ কৰি Firefox গোপনীয়তাৰ নীতি (ইংৰাজীত) চাওক ।

Google Location Services এ তাৰ পিছত আপোনাৰ প্ৰক্‌কলন কৰা অৱস্থানৰ তথ্য দিয়ে (যেনে, অক্ষাংশ আৰু দ্ৰাঘিমা) । Google এ গোটোৱা আৰু ব্যৱহাৰ কৰা তথ্যৰ এটা সম্পূৰ্ণ বিৱৰণৰ কাৰণে, অনুগ্ৰহ কৰি Google Geolocation গোপনীয়তাৰ নীতি (ইংৰাজীত) চাওক ।

আপোনাৰ গোপনীয়তা ৰক্ষা কৰিবলৈ তথ্যক এটা গুপুত কৰা সংযোগেৰে বিনিময় কৰা হয় । Firefox ৰ ওচৰত এবাৰ আপোনাৰ অৱস্থানৰ তথ্য হ'লে, ই তাক সেই ৱেবছাইটলৈ আগবঢ়ায় দিয়ে যি তাক অনুৰোধ কৰিছিল । কোনো সময়তে আপুনি দৰ্শন কৰা ৱেবছাইটৰ নাম বা অৱস্থান, বা কোনো কুকিক, কেতিয়াও Google Location Services ৰ লগত অংশীদাৰ কৰা হয় ।

না Mozilla না Google এ কেতিয়াও Google Location Services এ গ্ৰহণ কৰা তথ্যৰে আপোনাক চিনাক্ত বা তদন্ত কৰিবলৈ ব্যৱহাৰ কৰিব ।

অনুৰোধ কৰা ৱেবছাইটে আপোনাৰ তথ্যৰ সৈতে কি কৰে সেই তথ্য জানিবলৈ, অনুগ্ৰহ কৰি সেই ৱেবছাইটৰ গোপনীয়তাৰ নীতি চাওক ।

আপোনাৰ গোপনীয়তাৰ অধিক তথ্যৰ বাবে, আপুনি এইটোও পঢ়িব লাগে:

ৱেব চৰণ কৰোঁতে মোক পিচে পিচে বিচৰা হৈছে নেকি ?

নহয় । Firefox এ অকল ৱেবছাইটে অনুৰোধ কৰিলেহে অৱস্থানৰ অনুৰোধ কৰে, আৰু ব্যৱহাৰকৰ্তা মান্তি হ'লেহে আপোনাৰ অৱস্থান অংশীদাৰ কৰে । আপুনি চৰণ কৰি যাওঁতে Firefox এ আপোনাৰ অৱস্থান মনত নাৰাখে ।

এটা ছাইটক দিয়া অনুমতি পিছত বাতিল কৰিব পাৰোঁ নে নাই ?

যদি আপুনি Firefox ক এটা ছাইটক সদায়ে নিজৰ অৱস্থান দিবলৈ অনুমতি দিয়ে আৰু পিছত নিজৰ মন সলনি কৰে, আপুনি সেই অনুমতি সহজে সলনি কৰিব পাৰে । এইয়া এনেদৰে:

  • অনুমতি দিয়া ছাইটলৈ যাওক
  • সৰঞ্জাম তালিকালৈ যাওক, তাৰ পিছত পৃষ্ঠাৰ তথ্য লৈ যাওক
  • অনুমতি ৰ টেব নিৰ্ব্বাচন কৰক
  • অৱস্থান অংশীদাৰ কৰকৰ পছন্দ সলনি কৰক

মই “ওলট পালটকৈ গ্ৰাহক পৰিচয়ক সংখ্যা” কেনেদৰে পৰিষ্কাৰ কৰোঁ ?

  • সৰঞ্জাম তালিকালৈ গৈ, শেহতীয়া বুৰঞ্জী পৰিষ্কাৰ কৰক নিৰ্ব্বাচন কৰক
  • বিৱৰণ কাডঁড়চিহ্ন টিপক
  • নিশ্চিত কৰক যে কুকি নিৰ্বাচিত
  • এতিয়া পৰিষ্কাৰ কৰকত টিপক

স্থায়ীৰূপে মই স্থান-অৱগত চৰণ কাৰ্য্য কেনেদৰে বন্ধ কৰোঁ ?

স্থান-অৱগত চৰণ কাৰ্য্য সদায়ে Firefox 3.5 ত বৈকল্পিক । আপোনাৰ অনুমতি নোহোৱাকে কেতিয়াও কোনো স্থানৰ তথ্য পঠিওৱা নহয় । যদি আপুনি এই গুণ সদায়ৰ কাৰণে নিষ্ক্ৰিয় কৰিব বিচাৰে, অনুগ্ৰহ কৰি এই পদক্ষেপ মানি চলক:

  • URL বাৰত, about:config টিপক
  • geo.enabled লিখক
  • geo.enabled পছন্দত ডাবুল-ক্লিক কৰক
  • স্থান-অৱগত চৰণ কাৰ্য্য এতিয়া নিষ্ক্ৰিয়