জৈৱ চালানজ্ঞান কি ?
অন্য চালনাজ্ঞানৰ কোম্পানি যি দৰে কাম কৰে, আমি অলপ বেলেগ । আমি ‘জৈৱ চালনাজ্ঞান’ শব্দ ব্যৱহাৰ কৰোঁ আমি কিদৰে অন্য সকলৰ পৰা বেলেগ সেই কথা জনাবলৈ:
আমাৰ সৰ্বাধিক সুপ্ৰসিদ্ধ উৎপাদন, Firefox, বিশ্বব্যাপী সহস্ৰাধিকৰ অৱদানেৰে সৃষ্টি হৈছে, যাৰ এটা অতি কম অংশ আমাৰ প্ৰকৃত কৰ্মচাৰী ।
আমি আমাৰ ৱেবত মুক্ত-পৰিবেশ, উদ্ভাৱন আৰু সুযোগ দিয়াৰ লক্ষ্যৰে উৎসাহ দিব'লৈ অনুপ্ৰেৰিত আৰু বাণিজ্যৰ পৰা লাভ কৰা বা আমাৰ স্ট'কৰ দাম বৃদ্ধি কৰাৰ দৰে বাণিজ্যিক সমস্যাৰ কথা নাভাবো (আৰু কি জানেনে: আমি স্ট'ক ন'থ'ও) ।
আৰু এটা লাভ নিবিচৰা, জনসাধাৰণৰ সুবিধাৰ সন্থা হৈ, আমি সফলতা সম্প্ৰদায় গঢ়া আৰু জনসাধাৰণৰ জীৱন উন্নত কৰাৰ মাপেৰে সংজ্ঞা দিওঁ । আমি ইন্টাৰ্নে'টৰ শক্তি আৰু সামৰ্থত বিশ্বাস কৰোঁ আৰু সকলোৰে কাৰণে, সকলো স্থানতে তাৰ বিকাশ হোৱা চাব বিচাৰোঁ ।
মুক্ত উৎস কি ?
এইটো প্ৰথমে অলপ উন্মত্ত লাগিব পাৰে, কিন্তু আমাক বহন কৰক: আমি বিশ্বাস কৰোঁ যিমানেই আমাৰ “গুপ্ত ৰহস্য” মানুহে জানে, সিমানেই ভাল ।
সেইকাৰণে, আমি Firefox উৎসৰ কোডক উন্মুক্ত কৰিলো – কাম কৰা তাৰ প্ৰত্যেক নাট & ব'ল্ট – জগতলৈ আৰু সকলোকে চাবলৈ উৎসাহ দিলো ।
কিছুলোকে উন্নত কৰিব লগা বস্তু দেখিলে আৰু সমাধান দিলে । অন্য কিছুমানৰ ওচৰত নতুন গুণৰ কাৰণে মনত খেলালে আৰু সেইটোকে কৰিলে । আৰু অন্য কিছুমানে কোড ল'লে, নিজৰ আৱিষ্কাৰপ্ৰয়োগ কৰিলে আৰু সম্পূৰ্ণ নতুন (আৰু বিস্ময়জনক) উৎপাদন বনালে ।
সাধুটোৰ পৰা কি বুজা হয়? মুক্ত হ'লে ভাল হ'ব । সকলোৱে আমাৰ পৰ্দ্দাৰ ভিতৰত চাব পাৰিব…আচলতে, কোনো পৰ্দ্দাই নাই ।
আপুনি কিয় চিন্তা কৰিব লাগে ?
আমি এটা গতানুগতিক কোম্পানি ন'হ'ব পাৰো, কিন্তু আমি মূখ্য বিন্দুত কিদৰে মনোযোগ নিবিষ্ট কৰিব লাগে সেইটো জানো: আপোনাৰ কাৰণে ৱেবক আৰু ভাল কৰিবলৈ ।
মুক্ত মানে হ'ল আমাৰ কোম্পানিৰ কাৰ্যালয়ৰ কিছুমান মানুহৰ ওপৰত নিৰ্ভৰ কৰাৰ সলনি ইয়াৰ পিছৰ ভাল চিন্তা এটা বিশ্বৰ যিকোনো অংশৰ কোনোবা এজনৰ পৰা আহিব পাৰে । আপুনি সেই দৃষ্টিৰে অৱস্থাটো চালে, বেলেগ ধৰণেৰে কিয় কৰিব লাগে ?
জৈৱ চালনাজ্ঞান আৰু মুক্ত উৎসৰ এই সকলোবোৰ কথাই আপোনাৰ কাৰণে এটা ভাল চৰক আৰু ১৫০ কোটি নিয়মিত Firefox ব্যৱহাৰকৰ্তাকে বুজাই । ইয়াৰ মানে এটা উন্নত মানৰ, অধিক সুৰক্ষিত উৎপাদন । ইয়াৰ মানে হৈছে আৱিষ্কাৰ, স্বাধীনতা আৰু এনে এটা ইন্টাৰ্নে'ট সমৰ্থন কৰা যি সকলোৰে কাৰণে অভিগম্য হয় ।